Ring ring
মুখ্য পৃষ্ঠা
10/04/25United States23:23

তোৰ বিয়াৰ উপহাৰ

বৈ গ'ল তোৰ দুগালেৰে আনন্দৰ
চকুলো
তিয়াই নিলে মোৰ কলিজা ;
দুখত নামাৰিবি আৰু মোক
আধাতে নুমাব জীৱন শলিতা !

সেউজীয়া আঁচল তোৰ উৰুৱাই নাযাবি
নল'বি দীঘলকৈ লাজৰ ওৰণী ;
এপলক ৰৈ মোক চাবলৈ দে
লাজত ৰঙা পৰা গাল দুখনি !

কপালত জিলিকিছে তোৰ পুৰ্ণিমাৰ
জোন
ডিঙিত জিলিকিছে সোণৰ অলংকাৰ ;
পোচাকী নাম মোৰ নহয় কোনোদিন
নিমিষতে শেষ হ'ল প্ৰেমৰ অহংকাৰ !

আয়তীৰ ওৰুলীত ৰভাতলি উদুলি-
মোদোলি
দুখ বোৰ আজি মোৰ হ'ল চিনাকী ;
কেনেকৈ যাবি তই অতীত পাহৰি
স্মৃতি নহয় যে কোনোদিন পুৰনি !

আইৰ মুখলৈ আজি চাব নোৱাৰো
পংকীল জীৱনৰ মই পংগু সন্তান ;
নাহিবি আকৌ ঘুৰি কাষলৈ কোনোদিন
থাকিবি কুশলে তই ৰাখিবি প্ৰেমৰ
সন্মান !

___ ৰাজু কলিতা

27/07/14